Monday, 22 June 2020

এজলা খেতি Azolla Cultivation

এজলা হৈছে এবিধ পানীত বৃদ্ধি হোৱা জলজ উদ্ভিদ। 
এই এজলা উপকাৰিতা বা ব্যৱহাৰ হৈছেঃ
১) পশু খাদ্য (যেনেঃ কুকুৰা খাদ্য, কুৱেইল খাদ্য, গৰু ছাগলী আদি)
২) ধান খেতিত প্ৰয়োগ কৰা হয় Nitrogen বৃদ্ধিৰ বাবে। 
৩) মাছৰ বাবে ও ই এক উত্তম খাদ্য। 

সবিশেষ জানিবলৈ ৯৬৭৮০৮৮৯৫০ ত যোগাযোগ কৰিব পাৰে। এজলা খেতি

Sunday, 21 June 2020

বিলাহী সংৰক্ষণ পদ্ধতি


আমি বিলাহী কেনেকৈ সংৰক্ষণ কৰিব পাৰি ?

      অসমৰ খেতিয়কে এই সময়ছোৱাত বিলাহী বিলাক গৰুক খোৱাই বা পেলাই অনিষ্ট সাধন কৰা দেখা গৈছে। কিন্তু খেতিয়ক সকলে অকন মান কষ্ট কৰি বিলাহী বিলাক ৩০-৪৫ দিন পৰ্যন্ত সংৰক্ষণ কৰিব পৰা যায়। এই পদ্ধতিৰ নাম হৈছে এয়াৰ ষ্টক পদ্ধতিৰে বিলাহী সংৰক্ষণ। এই পদ্ধতিতো ব্যাপক ভাৱে ত্ৰিপুৰা খেতিয়ক সকলে কুইণ্টল হিচাপত সংৰক্ষণ কৰে। লগতে ত্ৰিপুৰা খেতিয়ক সকলে যেতিয়া বিলাহীৰ দাম কমে এই পদ্ধতিৰ সহায়ত পৈণত বিলাহী সমূহ চিঙি এই এয়াৰ ষ্টক পদ্ধতিৰ দ্বাৰা সংৰক্ষণ কৰি ৩০-৪৫ দিন ৰাখি থয়। পিছত আৱতৰীয়া সময়ত এই বিলাহী প্ৰতি কেজি ৭০-৮০ টকা পৰ্যন্ত পোৱা দেখা যায়।

    প্ৰথমতে কেচা পৈণত বিলাহী খিনি ঠোকৰ সৈতে চিঙিব। কিন্তু  বিলাহী খিনি আধা পকাও হব নালাগিব। ইয়াৰ পিছত ঠাণ্ডা গৃহ এটি লব লাগে। নৰাখেৰৰ হলে বেছি ভাল হয়। বেৰ খন বাহঁৰ দ্বাৰা বনালে ভাল। যিহেতুকে মুকলি বতাহ চলি থাকিলে বিলাহী বিলাক বেয়া হৈ নাযাব।


    এতিয়া এই ঘৰ তো বাহঁ বিলাক ওলোমাই লব লাগে। এতিয়া সৰু সুতা লব লাগে (১-২ ছেঃমিঃ। এই সুতাই এতিয়া বিলাহীৰ ঠাৰি খিনি দুই ফালে ওলোমাই বাহঁ ডালত বান্ধি দিব লাগে।

      গৃহটোৰ চাল খনৰ পৰা ৪-৫ ফুট তলত বাহঁ ডাল বান্ধিব আৰু তলৰ পকা মজিয়াৰ পৰা ২ ফুট ওপৰলৈকে বিলাহী বিলাক ওলোমাই বান্ধিব।

মন্তব্যঃ এই দৰে কেচা বিলাহী বিলাক ওলোমাই ৰাখিলে অতি কমেও ৩-৪ মাহ নপকাকৈ ৰাখিব পাৰি।

এজলা খেতি Azolla Cultivation

এজলা হৈছে এবিধ পানীত বৃদ্ধি হোৱা জলজ উদ্ভিদ।  এই এজলা উপকাৰিতা বা ব্যৱহাৰ হৈছেঃ ১) পশু খাদ্য (যেনেঃ কুকুৰা খাদ্য, কুৱেইল খাদ্য, গৰু ছাগলী আদ...