Thursday, 25 July 2019

অয়ষ্টাৰ কাঠফুলা খেতি (Cultivation of Oyster Mushroom)

বৈজ্ঞানিক কৃষি পদ্ধতিঃ

অয়ষ্টাৰ কাঠফুলাৰ টোপোলা বোৰত বীজ সিচিঁবৰ বাবে ধানখেৰ প্ৰস্তুত প্ৰণালী:-
  1. উন্নতমানৰ শালিধানৰ খেৰ, পৰিষ্কাৰ-পৰিচ্ছন্ন, ভেঁকুৰ লাগি নথকা বা বহুদিন বৰষুণত পৰি নথকা খেৰ বাৰ্চনি কৰিব লাগে। প্ৰথমতে খেৰখিনি ছেফ কাটাৰে, চোকা দা বা কাচিৰে ৩-৫ চে:মি: জোখত পৰিষ্কাৰ গৃহত কাটিব লাগে।
  2. খেৰখিন কটাৰ পিছত পৰিষ্কাৰ পানীত মামৰে নধৰা ড্ৰাম অৰ্থাৎ এলুমিনিয়ামৰ পাত্ৰত ৬-৭ ঘণ্টামান তিয়াই ৰাখিব লাগে। মনত ৰাখিব লাগে যাতে খেৰখিনি উপঙি নহাকৈ গধুৰ ওজন দি ভালকৈ পানীত ডুবাই ৰাখিব লাগে। শেষত ড্ৰামৰ পৰা পানী খিনি পেলাই দিব লাগে।
  3. খেৰখিনি ড্ৰামৰ পৰা উলিয়াই আনি অলপ ডাঙৰ চচপেন বা ধাতুৰ পাত্ৰত ৩০-৪০ মিনিট পৰ্যন্ত ভালদৰে উতলাই সিজাব লাগে। পানী উতলোৱাৰ সময়ছোৱাত উষ্ণতাৰ পৰিমাণ বেছি তাৰতম্য আৰু সিজাই দিব নালাগে| ভালদৰে খেৰখিনি সিজোৱাৰ ওপৰতেই কাঠফুলাৰ খেতি বহুতো ক্ষেত্ৰত নিৰ্ভৰ কৰে।
  4. খেৰখিনি সিজোৱাৰ পিছত পানীৰ পৰা উলিয়াই আনি পৰিষ্কাৰ তিৰপাল বা পকাৰ মজিয়া পাতলকৈ মেলি দি অতিৰিক্ত পানীখিনি আঁতৰাই অলপমান শুকাবলৈ দিব লাগে। ইয়াৰ পিছত খেৰখিনি হাতেৰে মুঠি মাৰি চাব লাগে যাতে মুঠি মাৰোতে পানী নিগৰি বা টোপ টোপকৈ বৈ অহা নাই। শেষত এই খেৰ খিনিৰ পৰাই কাঠফুলা টোপোলাবোৰ তৈয়াৰ কৰিব পৰা যায়।

চিত্ৰঃ অয়ষ্টাৰ কাঠফুলা
কাঠফুলাৰ টোপোলাবোৰত গুটি বা বীজ সিঁচাৰ প্ৰণালী:
  1. খেৰখিনি ছাঁ পৰা ঠাইত শুকুৱাৰ পিছত বীজখিনি সিঁচিব পাৰি। ইয়াৰ আগতে খেৰখিনিত ভেঁকুৰনাশক বেভিষ্টিন (Bavistin) ১ গ্ৰাম এক লিটাৰ পানীত অথবা নহৰুৰ ৰস ৪০ মি:লি: এক লিটাৰ পানীত মিহলি কৰি ভালদৰে খেৰখিনত স্প্ৰে কৰি লব লাগে। ইয়াৰ দ্বাৰা অনিষ্টকাৰী কলপতীয়া বা সেউজীয়া বৰণৰ ভেঁকুৰ বিধক বংশবিস্তাৰ বা অঙ্কুৰণত বাধাৰ সৃষ্টি কৰে।
  2. কাঠফুলাৰ বীজ সিঁচিবলৈ ৪০ X ৬০ চে:মি: জোখৰ ডাঠ পলিথিন বাৰ্চনি কৰিব লাগে। তাৰ পিছত পলিথিন বিলাকত পৰিস্কাৰ বিন্ধা কৰা সজুঁলিৰে ১০-১৫ টা মান সৰু সৰুকৈ বিন্ধা কৰি দিব লাগে। দুশগ্ৰাম (২০০) বীজেৰে দুটা টোপোলাত ছটিয়াব পাৰি। গুটিখিনি ছটিয়াওৱাৰ আগতে ১০০ গ্ৰাম বীজক চাৰিভাগ কৰিব লাগে। ইয়াৰ পাছত পলিথিনৰ টোপোলাটোৰ তলৰ পৰা খেৰখিনিৰে ৫-১০ চে:মি: এটা তৰপ বা স্তৰ বনাই তাৰ ওপৰত চাৰিভাগৰ এভাগ বীজ সিঁচিব লাগে। এইদৰে তিনিৰ পৰা চাৰিটা মান খলপা (Layer) এটা টোপোলাত তৈয়াৰ কৰিব পাৰি। মনত ৰাখিবলগীয়া অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হল যে বীজ সিঁচোতে পলিথিনৰ কাষৰ ফালে অৰ্থাৎ কাষত অলপমান\ গুটি বেছিকৈ ছটিয়াব লাগে। ইয়াৰ দ্বাৰা বীজ বিলাকৰ পৰা ভেঁকুৰবিধক শ্ৰীবৃদ্ধি হোৱাত সহায় কৰে। অৱশেষত পলিথিনৰ টোপোলাটোৰ মুখ খন মিহি মৰাপাটৰ ৰছীৰে বান্ধিব লাগে
  3. কাঠফুলা গুটি সিঁচা টোপোলাবোৰ পৰিস্কাৰ আন্ধাৰ কোঠাত ১৫-২০ দিনলৈকে ৰাখিব লাগে আৰু লগতে টোপোলা বিলাক নিয়মিত ভাৱে পৰিদৰ্শন কৰিব লাগে। সেউজীয়া বৰণৰ ভেকুঁৰ টোপোলা বোৰত সংক্ৰমণ হোৱা দেখা পালে, অতি সোনকালে আঁতৰাই পেলাব লাগে। অন্যাথা ইয়াৰ দ্বাৰা অন্য টোপোলা বোৰলৈ অতি কম সময়তে বিয়পি পৰি অনিষ্ট কৰা সম্ভাৱনা থাকে।   


(আগলৈ)
Monuj Gogoi
JRF-DBT NECAB
PhD Scholar 
(MushroomConsultant)
Department of Plant Pathology
Assam Agricultural University
Jorhat, Assam, India. 

এজলা খেতি Azolla Cultivation

এজলা হৈছে এবিধ পানীত বৃদ্ধি হোৱা জলজ উদ্ভিদ।  এই এজলা উপকাৰিতা বা ব্যৱহাৰ হৈছেঃ ১) পশু খাদ্য (যেনেঃ কুকুৰা খাদ্য, কুৱেইল খাদ্য, গৰু ছাগলী আদ...